ছূৰা 12 · জুজ 13
Yusuf · 12:79
قَالَ مَعَاذَ اللَّهِ أَنْ نَأْخُذَ إِلَّا مَنْ وَجَدْنَا مَتَاعَنَا عِنْدَهُ إِنَّا إِذًا لَظَالِمُونَ
তেওঁ ক’লে, ‘যাৰ ওচৰত আমি আমাৰ বস্তু পাইছো, তাৰ বাহিৰে আনক আটক কৰাৰ অপৰাধৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো। এনে কৰিলে নিশ্চয় আমি যালিমত পৰিণত হম’।
তাফছীৰ
ইউছুফ আলাইহিছ ছালামে ক'লেঃ আমি যাৰ বস্তাত ৰজাৰ ওজন পাত্ৰ পাইছো, তাক বন্দী কৰাৰ পৰিবৰ্তে কোনো নিৰ্দোষীক অন্যায়কাৰীৰ শাস্তি প্ৰদান কৰাৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰো। যদি আমি এনেকুৱা কৰো তেন্তে অৱশ্যে আমি অন্যায়কাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাম, কাৰণ দোষীক এৰি, নিৰ্দোষীক শাস্তি প্ৰদান কৰা হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক