ছূৰা 12 · জুজ 13
Yusuf · 12:78
قَالُوا يَا أَيُّهَا الْعَزِيزُ إِنَّ لَهُ أَبًا شَيْخًا كَبِيرًا فَخُذْ أَحَدَنَا مَكَانَهُ ۖ إِنَّا نَرَاكَ مِنَ الْمُحْسِنِينَ
সিহঁতে ক’লে, ‘হে আজীজ! ইয়াৰ পিতৃ অত্যন্ত বৃদ্ধ; গতিকে ইয়াৰ ঠাইত আমাৰ মাজৰ কোনো এজনক ৰাখি দিয়ক। আমাৰ দৃষ্টিত আপুনি এজন সৎকৰ্মশীল ব্যক্তি’।
তাফছীৰ
ইউছুফৰ ভাতৃসকলে ইউছুফক ক'লেঃ হে আজীজ! এওঁৰ পিতৃ অতি বয়োজ্যেষ্ঠ, এওঁক বহুত মৰম কৰে। এতেকে এওঁৰ পৰিবৰ্তে আমাৰ মাজৰ কাৰোবাক আপুনি ৰাখি দিয়ক। নিশ্চয় আমি দেখা পাইছো আপুনি আমাৰ লগত তথা আন আন লোকসকলৰ উপকাৰ কৰে। এতেকে আমাক আৰু এটা উপকাৰ কৰক।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক