ছূৰা 12 · জুজ 13
Yusuf · 12:77
۞ قَالُوا إِنْ يَسْرِقْ فَقَدْ سَرَقَ أَخٌ لَهُ مِنْ قَبْلُ ۚ فَأَسَرَّهَا يُوسُفُ فِي نَفْسِهِ وَلَمْ يُبْدِهَا لَهُمْ ۚ قَالَ أَنْتُمْ شَرٌّ مَكَانًا ۖ وَاللَّهُ أَعْلَمُ بِمَا تَصِفُونَ
সিহঁতে ক’লে, ‘সি যদি চুৰি কৰিছে তেন্তে (এয়া কোনো আচৰিত কথা নহয়) ইয়াৰ সহোদৰেও ইয়াৰ আগত চুৰি কৰিছিল’। কিন্তু ইউছুফে প্ৰকৃত বিষয়টো নিজৰ মনতে গোপন ৰাখিলে আৰু সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। তেওঁ (মনে মনে) ক’লে, ‘তোমালোকৰ অৱস্থা অতি জঘন্য আৰু তোমালোকে যি কৈ আছা সেই বিষয়ে আল্লাহেই অধিক অৱগত’।
তাফছীৰ
ইউছুফৰ ভাতৃসকলে ক'লেঃ যদি এওঁ চুৰি কৰিছে তেন্তে এয়া কোনো আশ্চৰ্যৰ বিষয় নহয়। কাৰণ ইয়াৰ পূৰ্বে এওঁৰ সহোদৰ এজনেও চুৰি কৰিছিল। ইয়াৰ দ্বাৰা সিহঁতে ইউছুফৰ পিনে ইঙ্গিত কৰিছিল। এই কথাৰ দ্বাৰা ইউছুফে মনত যি আঘাত পাইছিল সেয়া তেওঁ মনতে পুহি ৰাখিলে। সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। বৰং মনে মনে ক'লেঃ তোমালোকে পূৰ্বেও যি ঈৰ্ষা আৰু দুৰ্ব্যৱহাৰ কৰিছা, সেয়া ইয়াতো প্ৰকাশ পাইছে। তোমালোকৰ এই অপবাদ সম্পৰ্কে আল্লাহ অধিক জ্ঞাত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক