ছূৰা 12 · জুজ 13

Yusuf · 12:80

فَلَمَّا اسْتَيْأَسُوا مِنْهُ خَلَصُوا نَجِيًّا ۖ قَالَ كَبِيرُهُمْ أَلَمْ تَعْلَمُوا أَنَّ أَبَاكُمْ قَدْ أَخَذَ عَلَيْكُمْ مَوْثِقًا مِنَ اللَّهِ وَمِنْ قَبْلُ مَا فَرَّطْتُمْ فِي يُوسُفَ ۖ فَلَنْ أَبْرَحَ الْأَرْضَ حَتَّىٰ يَأْذَنَ لِي أَبِي أَوْ يَحْكُمَ اللَّهُ لِي ۖ وَهُوَ خَيْرُ الْحَاكِمِينَ

এতেকে যেতিয়া সিহঁত তাৰ বিষয়ে সম্পূৰ্ণৰূপে নিৰাশ হ’ল, তেতিয়া সিহঁত পৰামৰ্শ কৰিবলৈ একান্তভাৱে গোট খালে। সিহঁতৰ মাজৰ ডাঙৰ জনে ক’লে, ‘তোমালোকৰ মনত আছেনে তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা আল্লাহৰ নামত অঙ্গীকাৰ লৈছে আৰু ইয়াৰ আগতেও তোমালোকে ইউছুফৰ বিষয়ে অন্যায় কৰিছিলা। গতিকে মই কেতিয়াও এই দেশ এৰি নাযাওঁ যেতিয়ালৈকে মোৰ পিতৃয়ে মোক অনুমতি নিদিব অথবা আল্লাহে মোৰ বাবে কোনো ফয়চালা নকৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী’।

তাফছীৰ

যেতিয়া সিহঁতৰ এই আশা শেষ হৈ গ'ল যে, ইউছুফে সিহঁতৰ আবেদন গ্ৰহণ কৰিব, তেতিয়া পৰস্পৰে পৰামৰ্শ কৰিবলৈ মানুহৰ পৰা আঁতৰি গল। সিহঁতৰ মাজৰ ডাঙৰ ভাতৃয়ে ক'লেঃ মই তোমালোকক আকৌ মনত পেলাই দিছো যে, তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছে তেওঁৰ পুত্ৰক ওভোতাই লৈ যোৱাৰ নিমিত্তে। কেৱল এনেকুৱা বিপত্তিৰ বাহিৰে যাৰ পৰা ৰক্ষা পোৱা তোমালোকৰ ক্ষমতা নাই। ইতিপূৰ্বেও তোমালোকে ইউছুফ সম্পৰ্কে অৱহেলা কৰিছা তথা পিতৃৰ লগত কৰা প্ৰতিশ্ৰুতি ভঙ্গ কৰিছা। এতেকে মই মিচৰৰ ভূমি ত্যাগ নকৰিম যেতিয়ালৈকে মোক পিতৃয়ে প্ৰত্যাৱৰ্তন কৰাৰ অনুমতি নিদিব অথবা আল্লাহে মোক মোৰ ভাতৃক লগত লৈ যাবলৈ ফয়চালা নকৰে। অৱশ্যে আল্লাহ উত্তম ফয়চালাকাৰী। কাৰণ তেওঁ সত্য আৰু ন্যায় মুতাবিক ফয়চালা কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক