ছূৰা 12 · জুজ 12
Yusuf · 12:37
قَالَ لَا يَأْتِيكُمَا طَعَامٌ تُرْزَقَانِهِ إِلَّا نَبَّأْتُكُمَا بِتَأْوِيلِهِ قَبْلَ أَنْ يَأْتِيَكُمَا ۚ ذَٰلِكُمَا مِمَّا عَلَّمَنِي رَبِّي ۚ إِنِّي تَرَكْتُ مِلَّةَ قَوْمٍ لَا يُؤْمِنُونَ بِاللَّهِ وَهُمْ بِالْآخِرَةِ هُمْ كَافِرُونَ
ইউছুফে ক’লে, ‘তোমালোকক যি খাদ্য দিয়া হয় সেয়া অহাৰ আগতেই মই তোমালোকক সপোনৰ তাৎপৰ্য জনাই দিম। মই তোমালোকক যিটো জনাম সেয়া মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে। নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্ম মতক বৰ্জন কৰিছো যিসকলে আল্লাহৰ ওপৰত ঈমান পোষণ নকৰে, আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে’।
তাফছীৰ
ইউছুফ আলাইহিচ্ছালামে ক'লেঃ শুনা! ৰজা তথা কৰ্তৃপক্ষৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ পানাহাৰ অহাৰ পূৰ্বেই মই তোমালোক দুয়োকে ইয়াৰ ব্যাখ্যা বৰ্ণনা কৰিম। এই দুয়োটা সপোনৰ ব্যাখ্যা মই জানো, যিটো মোৰ প্ৰতিপালকে মোক শিকাইছে। এয়া কোনো ভৱিষ্যদ্বক্তাৰ দাবী তথা জ্যোতিষীবিদ্যা নহয়। শুনা! নিশ্চয় মই সেইসকল লোকৰ ধৰ্ম পৰিত্যাগ কৰিছো, যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে। আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক