ছূৰা 12 · জুজ 12
Yusuf · 12:38
وَاتَّبَعْتُ مِلَّةَ آبَائِي إِبْرَاهِيمَ وَإِسْحَاقَ وَيَعْقُوبَ ۚ مَا كَانَ لَنَا أَنْ نُشْرِكَ بِاللَّهِ مِنْ شَيْءٍ ۚ ذَٰلِكَ مِنْ فَضْلِ اللَّهِ عَلَيْنَا وَعَلَى النَّاسِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَشْكُرُونَ
‘মই মোৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ মিল্লাত অনুসৰণ কৰো। আল্লাহৰ লগত আনক অংশীদাৰ কৰা আমাৰ বাবে সংগত নহয়। এইটো আমাৰ আৰু সমগ্ৰ মানৱৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ; কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে’।
তাফছীৰ
মই মোৰ পিতৃপুৰুষ, ইব্ৰাহীম, ইছহাক আৰু ইয়াকূবৰ ধৰ্মৰ অনুসৰণ কৰিছো। আৰু সেয়া হৈছে আল্লাহক একক বুলি স্বীকাৰ কৰাৰ ধৰ্ম। আল্লাহৰ লগত আন কাৰোবাক অংশী কৰা আমাৰ বাবে উচিত নহয়। তেওঁ এক। এই তাওহীদৰ ওপৰতেই মই আৰু মোৰ পিতৃপুৰুষসকল প্ৰতিষ্ঠিত। এইটো আমাৰ ওপৰত আল্লাহৰ এক বিশেষ কৃপা যে, তেওঁ আমাক ইয়াৰ তাওফীক প্ৰদান কৰিছে। আৰু সকলো মানুহৰ প্ৰতি আল্লাহৰ এইটোও এটা বিশেষ কৃপা যে, তেওঁ সিহঁতৰ প্ৰতি নবীসকলক প্ৰেৰণ কৰিছে। কিন্তু অধিকাংশ লোকে আল্লাহৰ কৃতজ্ঞতা কৰাৰ বিপৰীতে তেওঁৰ অকৃতজ্ঞতা কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক