ছূৰা 12 · জুজ 12
Yusuf · 12:36
وَدَخَلَ مَعَهُ السِّجْنَ فَتَيَانِ ۖ قَالَ أَحَدُهُمَا إِنِّي أَرَانِي أَعْصِرُ خَمْرًا ۖ وَقَالَ الْآخَرُ إِنِّي أَرَانِي أَحْمِلُ فَوْقَ رَأْسِي خُبْزًا تَأْكُلُ الطَّيْرُ مِنْهُ ۖ نَبِّئْنَا بِتَأْوِيلِهِ ۖ إِنَّا نَرَاكَ مِنَ الْمُحْسِنِينَ
তেওঁৰ লগতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। সিহঁতৰ এজনে ক’লে, ‘মই সপোনত দেখিলো যে, মই মদৰ বাবে আঙুৰ নিঃসাৰণ কৰি আছো’, আৰু আনজনে ক’লে, ‘মই সপোনত দেখিলো যে, মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছো আৰু চৰাইয়ে তাৰ পৰা খাই আছে। আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক, আমি দেখিছো আপুনি মুহছিনসকলৰ অন্তৰ্ভুক্ত’।
তাফছীৰ
ফলত তেওঁক কাৰাগাৰত বন্দী কৰা হ'ল। তেওঁৰ সৈতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। দুয়োজন যুৱকৰ এজনে ইউছুফক উদ্দেশ্যি ক'লেঃ মই সপোনত দেখিলো যে, মই আঙুৰি চেপি সুৰা প্ৰস্তুত কৰি আছো, আৰু দ্বিতীয়জনে ক'লেঃ মই দেখিছো, মই মোৰ মূৰৰ ওপৰত ৰুটি বহন কৰি আছো আৰু চৰায়ে সেই ৰুটি খাই আছে। হে ইউছুফ! আপুনি আমাক আমাৰ এই সপোনৰ ব্যাখ্যা কওঁকচোন। নিশ্চয় আমাৰ দৃষ্টিত আপুনি এজন পূণ্যৱান লোক।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক