ছূৰা 12 · জুজ 12
Yusuf · 12:31
فَلَمَّا سَمِعَتْ بِمَكْرِهِنَّ أَرْسَلَتْ إِلَيْهِنَّ وَأَعْتَدَتْ لَهُنَّ مُتَّكَأً وَآتَتْ كُلَّ وَاحِدَةٍ مِنْهُنَّ سِكِّينًا وَقَالَتِ اخْرُجْ عَلَيْهِنَّ ۖ فَلَمَّا رَأَيْنَهُ أَكْبَرْنَهُ وَقَطَّعْنَ أَيْدِيَهُنَّ وَقُلْنَ حَاشَ لِلَّهِ مَا هَٰذَا بَشَرًا إِنْ هَٰذَا إِلَّا مَلَكٌ كَرِيمٌ
এতেকে যেতিয়া মহিলাজনীয়ে সিহঁতৰ ষড়যন্ত্ৰৰ কথা শুনিলে, তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে। সিহঁত সকলোকে একোটাকৈ ছুৰিকটাৰী প্ৰদান কৰিলে আৰু ইউছফক ক’লে, ‘সিহঁতৰ সন্মুখত ওলাই আহা’। ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁত তেওঁৰ সৌন্দৰ্যত অভিভূত হ’ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! এওঁ মানুহ নহয়। নিশ্চয় এওঁ এজন মহিমান্বিত ফিৰিস্তা’।
তাফছীৰ
যেতিয়া আজিজৰ পত্নীৰ ওচৰত সেই মহিলাসকলৰ কটাক্ষ আৰু ভৰ্ৎসনাৰ কথা আহি পালে, তেতিয়া তাই সেই মহিলাসকলক মাতি পঠিয়ালে, যাতে সিহঁতে ইউছুফক নিজ চকুৰে চায় আৰু তাই যে বাধ্য সেই কথা বুজি পায়। তাই সিহঁতৰ বাবে বহাৰ সুযোগ কৰি দিলে, য'ত বিছনা আৰু গাৰু থৈ দিছিল। আৰু প্ৰত্যেককে ফলমূল কাটি খাবলৈ প্ৰদান কৰিলে একো একোটাকৈ ছুৰিকটাৰী, আৰু ইউছুফক ক'লেঃ এওঁলোকৰ সন্মুখলৈ ওলাই আহা। এতেকে তেওঁলোকে যেতিয়া ইউছুফক দেখিলে, বহুত প্ৰভাৱিত হ'ল। তেওঁৰ সৌন্দৰ্য দেখি তেওঁলোক কিংকৰ্তব্যবিমূঢ় হ'ল। তেওঁৰ সৌন্দৰ্যত প্ৰভাৱিত হৈ তেওঁলোকৰ এনেকৈ ত'ত নাইকীয়া হ'ল যে, ফলমূল কাটিবলৈ দিয়া ছুৰিকটাৰীৰে তেওঁলোকে নিজৰেই হাত কাটিলে, আৰু কৈ উঠিলঃ আল্লাহ পৱিত্ৰ! এই লৰা মানৱ নহয়। এনেকুৱা সৌন্দৰ্য মানুহৰ মাজত পৰিলক্ষিত হোৱা নাই। এওঁ হয়তো কোনোবা সন্মানিত ফিৰিস্তা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক