ছূৰা 12 · জুজ 12

Yusuf · 12:32

قَالَتْ فَذَٰلِكُنَّ الَّذِي لُمْتُنَّنِي فِيهِ ۖ وَلَقَدْ رَاوَدْتُهُ عَنْ نَفْسِهِ فَاسْتَعْصَمَ ۖ وَلَئِنْ لَمْ يَفْعَلْ مَا آمُرُهُ لَيُسْجَنَنَّ وَلَيَكُونًا مِنَ الصَّاغِرِينَ

মহিলাগৰাকীয়ে ক’লে, ‘এওঁৱেই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা। ময়েই তেওঁৰ পৰা অসৎকৰ্ম কামনা কৰিছিলো কিন্তু তেওঁ নিজকে পৱিত্ৰ ৰাখিছে; আৰু মই তেওঁক যি আদেশ কৰিছো সেয়া যদি তেওঁ পালন নকৰে, তেন্তে তেওঁ অৱশ্যে কাৰাৰুদ্ধ হ’ব আৰু অৱশ্যে তেওঁ অপদস্তসকলৰ অন্তৰ্ভুক্ত হ’ব’।

তাফছীৰ

আজিজৰ পত্নীয়ে সিহঁতৰ অৱস্থা দেখি ক'লেঃ এইজনেই সেই যুৱক, যাৰ প্ৰেমত পৰাৰ কাৰণে তোমালোকে মোক ভৰ্ৎসনা কৰিছিলা। ময়ে তেওঁক বিচাৰিছিলো আৰু তাক জালত পেলাবলৈ চক্ৰান্ত ৰচিছিলো। তথাপিও সি ৰক্ষা পৰিল। এতেকে ভৱিষ্যতেও যদি সি মোৰ ইচ্ছা পূৰণ নকৰে তেন্তে সি অৱশ্যে কাৰাগাৰ খাটিব লাগিব আৰু অপমান সহ্য কৰিব লাগিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক