ছূৰা 12 · জুজ 12

Yusuf · 12:30

۞ وَقَالَ نِسْوَةٌ فِي الْمَدِينَةِ امْرَأَتُ الْعَزِيزِ تُرَاوِدُ فَتَاهَا عَنْ نَفْسِهِ ۖ قَدْ شَغَفَهَا حُبًّا ۖ إِنَّا لَنَرَاهَا فِي ضَلَالٍ مُبِينٍ

আৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে, ‘আজীজৰ স্ত্ৰীয়ে তাইৰ কৃতদাস যুৱকৰ পৰা অসৎকৰ্ম কামনা কৰিছিল, গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে, নিশ্চয় আমাৰ দৃষ্টিত তাই স্পষ্ট ভ্ৰষ্টতাত নিপতিত’।

তাফছীৰ

তথাপিও আজিজৰ পত্নীৰ চৰ্চা চহৰত প্ৰচাৰিত হ'ল। কিছুমান মহিলাই ভৰ্ৎসনা কৰি ক'লেঃ আজিজৰ পত্নীয়ে নিজৰ দাসক বেয়া প্ৰস্তাৱ দিছিল। তাৰ প্ৰেমে তাইৰ অন্তৰত শিপা কৰি লৈছে। অৱশ্যে আমাৰ দৃষ্টিত, তাই নিজ দাসৰ প্ৰেমত আৰু তাক বেয়া কৰ্মত উদ্বুদ্ধ কৰাৰ প্ৰয়াসৰ কাৰণে স্পষ্ট পথভ্ৰষ্টতাত পতিত হৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক