ছূৰা 12 · জুজ 12
Yusuf · 12:29
يُوسُفُ أَعْرِضْ عَنْ هَٰذَا ۚ وَاسْتَغْفِرِي لِذَنْبِكِ ۖ إِنَّكِ كُنْتِ مِنَ الْخَاطِئِينَ
‘হে ইউছুফ! তুমি এইটো উপেক্ষা কৰা, আৰু হে নাৰী! তুমি তোমাৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় তুমি অপৰাধীসকলৰ অন্তৰ্ভুক্ত’।
তাফছীৰ
তেওঁ ইউছুফক সম্বোধন কৰি ক'লেঃ হে ইউছুফ! এই বিষয়টো ইয়াতে ক্ষেন্ত কৰা আৰু এই বিষয়ে কোনো চৰ্চা নকৰিবা। আৰু তুমি (হে মোৰ স্ত্ৰী)! নিজৰ গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰা। ইউছুফক তোমাৰ প্ৰৱঞ্চনাৰ জালত পেলাবলৈ কৰা চেষ্টাৰ বাবে তুমি নিশ্চয় পাপী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক