ছূৰা 12 · জুজ 12
Yusuf · 12:25
وَاسْتَبَقَا الْبَابَ وَقَدَّتْ قَمِيصَهُ مِنْ دُبُرٍ وَأَلْفَيَا سَيِّدَهَا لَدَى الْبَابِ ۚ قَالَتْ مَا جَزَاءُ مَنْ أَرَادَ بِأَهْلِكَ سُوءًا إِلَّا أَنْ يُسْجَنَ أَوْ عَذَابٌ أَلِيمٌ
আৰু সিহঁত উভয়ে দৌৰি দুৱাৰৰ পিনে গ’ল, আৰু মহিলাজনীয়ে পিছফালৰ পৰা তেওঁৰ চোলা ফালি পেলালে, তেওঁলোক উভয়ে মহিলাগৰাকীৰ স্বামীক দুৱাৰৰ সন্মুখত পালে। মহিলাজনীয়ে ক’লে, ‘যিয়ে তোমাৰ স্ত্ৰীৰ লগত অসৎকৰ্ম কৰাৰ ইচ্ছা কৰে তাৰ বাবে কাৰাগাৰত প্ৰেৰণ বা আন কোনো যন্ত্ৰণাদায়ক শাস্তিৰ বাহিৰে আৰুনো কি দণ্ড হ’ব পাৰে’?
তাফছীৰ
দুয়ো দুৱাৰ পিনে দৌৰিলে, ইউছুফে নিজক ৰক্ষা কৰিবলৈ আৰু মহিলাজনীয়ে তেওঁক ওলাবলৈ বাধা দিয়াৰ বাবে। এনে পৰিপ্ৰেক্ষিতত মহিলাজনীয়ে ইউছুফক ওলাবলৈ বাধা দিয়াৰ কাৰণে তেওঁৰ চোলা পিছফালৰ পৰা টানি ধৰিলে, ফলত তেওঁৰ চোলা ছিঙি গ'ল। উভয়ে মহিলাজনীৰ স্বামীক দুৱাৰত দেখা পালে। আজিজৰ পত্নীয়ে লগে লগে প্ৰৱঞ্চনাৰ সুৰত তেওঁক অভিযোগ কৰি ক'লেঃ হে আজিজ! যি ব্যক্তিয়ে আপোনাৰ স্ত্ৰীৰ লগত বেয়া কৰ্ম কৰাৰ বাসনা পোষণ কৰে, তেনেকুৱা ব্যক্তিৰ শাস্তি হোৱা উচিত কাৰাগাৰ অথবা কষ্টদায়ক শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক