ছূৰা 12 · জুজ 12

Yusuf · 12:24

وَلَقَدْ هَمَّتْ بِهِ ۖ وَهَمَّ بِهَا لَوْلَا أَنْ رَأَىٰ بُرْهَانَ رَبِّهِ ۚ كَذَٰلِكَ لِنَصْرِفَ عَنْهُ السُّوءَ وَالْفَحْشَاءَ ۚ إِنَّهُ مِنْ عِبَادِنَا الْمُخْلَصِينَ

আৰু সেই মহিলাজনী তেওঁৰ প্ৰতি আসক্ত হৈছিল আৰু তেৱোঁ তাইৰ প্ৰতি আসক্ত হৈ পৰিলেহেঁতেন যদি তেওঁ তেওঁৰ প্ৰতিপালকৰ নিদৰ্শন নেদেখিলেহেঁতেন। এইদৰেই (সেয়া হৈছিল) যাতে আমি তেওঁৰ পৰা কুকৰ্ম আৰু অশ্লীলতা দূৰ কৰি দিওঁ। নিশ্চয় তেওঁ আছিল আমাৰ মুখলিচ বা বিশুদ্ধচিত্ত বান্দাসকলৰ অন্তৰ্ভুক্ত।

তাফছীৰ

মহিলাজনীৰ মনত কুকৰ্মৰ প্ৰৱল ইচ্ছা জাগ্ৰত হৈছিল, ইউছুফৰ মনতো তেনেকুৱা ইচ্ছা জাগ্ৰত হোৱাৰ আশংকা আছিল যদি তেওঁ আল্লাহৰ সেই নিদৰ্শনবোৰ নেদেখিলেহেঁতন, যিবোৰ তেওঁক অসৎকৰ্মৰ পৰা প্ৰতিৰোধ কৰাৰ তথা বিৰত ৰখাৰ কাৰণ হিচাপে থিয় দিছিল। আমি তেওঁক এইবোৰ এই কাৰণেই দেখুৱাইছিলো, যাতে আমি তেওঁক কুকৰ্মৰ পৰা ৰক্ষা কৰিব পাৰো, তথা তেওঁক ব্যভিচাৰ আৰু বিশ্বাসঘাতকতাৰ পৰা আঁতৰত ৰাখিব পাৰো। ইউছুফ হৈছে আমাৰ সেইসকল বান্দাৰ অন্তৰ্ভুক্ত যিসকলক আমি নুবুওৱত আৰু ৰিছালতৰ বাবে নিৰ্বাচিত কৰিছো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক