ছূৰা 12 · জুজ 12

Yusuf · 12:23

وَرَاوَدَتْهُ الَّتِي هُوَ فِي بَيْتِهَا عَنْ نَفْسِهِ وَغَلَّقَتِ الْأَبْوَابَ وَقَالَتْ هَيْتَ لَكَ ۚ قَالَ مَعَاذَ اللَّهِ ۖ إِنَّهُ رَبِّي أَحْسَنَ مَثْوَايَ ۖ إِنَّهُ لَا يُفْلِحُ الظَّالِمُونَ

আৰু তেওঁ যিজনী মহিলাৰ ঘৰত আছিল, সেইজনীয়ে তেওঁক কুপ্ৰৰোচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে, আৰু ক’লে, ‘আহা’। তেওঁ ক’লে, ‘মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰো, নিশ্চয় তেওঁ মোৰ মনিব; তেৱেঁই মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে। নিশ্চয় যালিমসকল কেতিয়াও সফল নহয়’।

তাফছীৰ

আজিজৰ পত্নীয়ে নম্ৰতা আৰু চক্ৰান্তৰ সহায় লৈ ইউছুফ আলাইহিছ ছালামক কুকৰ্ম কৰিবলৈ উদ্ধুদ্ধ কৰিব বিচাৰিলে আৰু নিৰ্জনতা বিৰাজ কৰিবলৈ ঘৰৰ দুৱাৰ বন্ধ কৰি ইউছুফক উদ্দেশ্যি ক'লেঃ আহা, আহা মোৰ ওচৰলৈ। ইউছুফে ক'লেঃ তুমি যি উদ্দেশ্যত মোক মাতি আছা, মই তাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰো। নিশ্চয় মোৰ মালিকে মোৰ থকাৰ বাবে তেওঁৰ ওচৰত উত্তম ব্যৱস্থা কৰি দিছে। এতেকে মই কেতিয়াও তেওঁৰ লগত বিশ্বাসঘাতকতা নকৰিম। মই যদি তেওঁৰ লগত বিশ্বাসঘাতকতা কৰোঁ তেন্তে মই অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম। এয়া নিশ্চিত যে, অন্যায়কাৰী কেতিয়াও সফল হ'ব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক