ছূৰা 12 · জুজ 12
Yusuf · 12:26
قَالَ هِيَ رَاوَدَتْنِي عَنْ نَفْسِي ۚ وَشَهِدَ شَاهِدٌ مِنْ أَهْلِهَا إِنْ كَانَ قَمِيصُهُ قُدَّ مِنْ قُبُلٍ فَصَدَقَتْ وَهُوَ مِنَ الْكَاذِبِينَ
ইউছুফে ক’লে, ‘এওঁহে মোক কুপ্ৰৰোচনা দিছে’। মহিলাগৰাকীৰ পৰিয়ালৰ এজন সাক্ষীয়ে সাক্ষ্য দিলে যে, ‘যদি তেওঁৰ চোলাটো সন্মুখৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকীয়ে সত্য কথা কৈছে আৰু পুৰুষজন (ইউছুফ) মিছলীয়াসকলৰ অন্তৰ্ভুক্ত’।
তাফছীৰ
ইউছুফে ক'লেঃ এওঁৱেই মোক কুকৰ্ম কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু মই কৰা নাছিলোঁ। তেতিয়া সেই পৰিয়ালৰ এজনে সাক্ষী দিলে যে, যদি ইউছুফৰ চোলা আগফালৰ পৰা ছিঙিছে তেন্তে এয়া মহিলাজনীৰ সত্যাবাদী হোৱাৰ ইংগিত বহন কৰে, কাৰণ ইয়াৰ দ্বাৰা বুজা যায় যে, তাই ইউছুফক নিজৰ ওচৰত আহিবলৈ বাধা দিছিল। এনেকুৱা হ'লে ইউছুফ এজন মিছলীয়া।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক