ছূৰা 12 · জুজ 12
Yusuf · 12:14
قَالُوا لَئِنْ أَكَلَهُ الذِّئْبُ وَنَحْنُ عُصْبَةٌ إِنَّا إِذًا لَخَاسِرُونَ
সিহঁতে ক’লে, ‘আমি এটা সংহত দল হোৱা সত্বেও যদি কুকুৰ-নেচিয়াই তাক খাই পেলায়, তেন্তে আমি অৱশ্যে ক্ষতিগ্ৰস্ত’।
তাফছীৰ
সিহঁতে পিতৃক ক'লেঃ আমি এটা দল থকা সত্ত্বেও যদি কুকুৰ-নেচীয়াই ইউছুফক খাই পেলায় তেন্তে দেখোন আমাৰ মাজত কোনো কল্যাণ নাই। যদি আমি তাক কুকুৰ-নেচীয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰো তেন্তে আমি অৱশ্যে ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক