ছূৰা 12 · জুজ 12
Yusuf · 12:15
فَلَمَّا ذَهَبُوا بِهِ وَأَجْمَعُوا أَنْ يَجْعَلُوهُ فِي غَيَابَتِ الْجُبِّ ۚ وَأَوْحَيْنَا إِلَيْهِ لَتُنَبِّئَنَّهُمْ بِأَمْرِهِمْ هَٰذَا وَهُمْ لَا يَشْعُرُونَ
তাৰ পিছত সিহঁতে যেতিয়া তাক লৈ গ’ল, আৰু তাক কুঁৱাৰ মাজত নিক্ষেপ কৰিবলৈ একমত হ’ল, আৰু (তেতিয়া) আমি তাৰ (ইউছুফৰ) ওচৰত অহী প্ৰেৰণ কৰি জনাই দিলো যে, ‘অৱশ্যে তুমি সিহঁতক (ভৱিষ্যতত) সিহঁতৰ এই কৰ্ম সম্পৰ্কে জনাবা; অথচ সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰিব’।
তাফছীৰ
তাৰ পিছত ইয়াকূবে ইউছুফক সিহঁতৰ লগত পঠাই দিলে। যেতিয়া সিহঁতে তাক লৈ বহু দূৰত গুচি গল আৰু তাক কুঁৱাত নিক্ষেপ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া আমি ইউছুফৰ প্ৰতি অহী কৰিলোঃ এনেকুৱা এটা সময় আহিব যেতিয়া তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে অৱগত কৰাবা আৰু তেতিয়া সিহঁতে তোমাক চিনিও নাপাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক