ছূৰা 12 · জুজ 12

Yusuf · 12:13

قَالَ إِنِّي لَيَحْزُنُنِي أَنْ تَذْهَبُوا بِهِ وَأَخَافُ أَنْ يَأْكُلَهُ الذِّئْبُ وَأَنْتُمْ عَنْهُ غَافِلُونَ

তেওঁ (পিতাকে) ক’লে, ‘তোমালোকে তাক লৈ গ’লে সঁচাকৈয়ে মই মনত বৰ দুখ পাম আৰু মই আশংকা কৰো যে, তোমালোকে তাৰ প্ৰতি অসাৱধান হ’লে কুকুৰ-নেচিয়াই তাক খাই পেলাব পাৰে’।

তাফছীৰ

ইয়াকূবে পুত্ৰসকলক সম্বোধন কৰি ক'লেঃ তোমালোকে তাক লগত লৈ যোৱাটো মোৰ কাৰণে চিন্তাৰ বিষয়, কাৰণ মই তাক এৰি থাকিব নোৱাৰিম। লগতে মই এইটোও আশংকা কৰো যে, তোমালোকে খেল-ধেমালিত মগ্ন থাকিবা আৰু তোমালোকৰ অজানিতে কুকুৰ-নেচীয়া আহি তাক খাই পেলাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক