ছূৰা 11 · জুজ 12

Hud · 11:97

إِلَىٰ فِرْعَوْنَ وَمَلَئِهِ فَاتَّبَعُوا أَمْرَ فِرْعَوْنَ ۖ وَمَا أَمْرُ فِرْعَوْنَ بِرَشِيدٍ

ফিৰআউন আৰু তাৰ নেতৃবৃন্দসকলৰ ওচৰলৈ। কিন্তু নেতাসকলে ফিৰআউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল; অথচ ফিৰআউনৰ কাৰ্যকলাপ সঠিক নাছিল।

তাফছীৰ

আমি তেওঁক ফিৰআউন আৰু তাৰ জাতিৰ গণ্যমান্য লোকসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো। কিন্তু সেই গণ্যমান্য লোকসকলে আল্লাহক অস্বীকাৰ কৰিবলৈ ফিৰআউনে কৰা আদেশ মানি ললে। যদিও ফিৰআউনৰ আদেশ অনুসৰণযোগ্য নাছিল। কাৰণ সেইটো সঠিক তথা উচিত সিদ্ধান্ত নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক