ছূৰা 11 · জুজ 12

Hud · 11:9

وَلَئِنْ أَذَقْنَا الْإِنْسَانَ مِنَّا رَحْمَةً ثُمَّ نَزَعْنَاهَا مِنْهُ إِنَّهُ لَيَئُوسٌ كَفُورٌ

আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ লবলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে।

তাফছীৰ

যদি আমি মানুহক কিছুমান নিয়ামত দান কৰো, যেনেঃ সুস্বাস্থ্য আৰু ধন-সম্পত্তি, তাৰ পিছত সেইবোৰ যদি আমি পুনৰ কাঢ়ি লওঁ তেন্তে সি আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰে আৰু তেওঁৰ নিয়ামতৰ কোনো ধৰণৰ কৃতজ্ঞতা প্ৰকাশ নকৰে। আল্লাহে প্ৰদান কৰা নিয়ামত যেতিয়া কাঢ়ি লোৱা হয়, তেতিয়া সি তাৰ দ্বাৰা উপকৃত হোৱা কথাষাৰকো পাহৰি যায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক