ছূৰা 11 · জুজ 12

Hud · 11:10

وَلَئِنْ أَذَقْنَاهُ نَعْمَاءَ بَعْدَ ضَرَّاءَ مَسَّتْهُ لَيَقُولَنَّ ذَهَبَ السَّيِّئَاتُ عَنِّي ۚ إِنَّهُ لَفَرِحٌ فَخُورٌ

আৰু যদি দুখ-দৈন্য স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সি অৱশ্যে ক’ব, ‘মোৰ পৰা বিপদ-আপদ দূৰ হৈছে’, আৰু সি উৎফুল্ল আৰু অহংকাৰী হৈ পৰে।

তাফছীৰ

আনহাতে যদি আমি তাক দৰিদ্ৰতা আৰু বেমাৰ-আজাৰৰ পিছত সুস্বাস্থ্য আৰু ধন-সম্পত্তিৰ সোৱাদ উপভোগ কৰাওঁ, তেন্তে সি অৱশ্যে ক'বঃ মই অনিষ্টতাৰ পৰা পৰিত্ৰাণ পাইছো আৰু কষ্টৰ অন্ত পৰিছে। কিন্তু সি আল্লাহৰ কৃতজ্ঞতা আদায় নকৰে। ফলত সি আনন্দত মতলীয়া হৈ পৰে, আৰু আল্লাহৰ নিয়ামত পাই মানুহৰ আগত অহংকাৰ কৰি ফুৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক