ছূৰা 11 · জুজ 12

Hud · 11:11

إِلَّا الَّذِينَ صَبَرُوا وَعَمِلُوا الصَّالِحَاتِ أُولَٰئِكَ لَهُمْ مَغْفِرَةٌ وَأَجْرٌ كَبِيرٌ

কিন্তু যিসকলে ধৈৰ্যশীল আৰু সৎকৰ্মপৰায়ণ তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।

তাফছীৰ

কিন্তু যিসকলে কষ্টত ধৈৰ্য ধাৰণ কৰিছে, আৰু আনুগত্য কৰিছে, তথা গুনাহৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, লগতে সৎকৰ্ম কৰিছে, তেওঁলোকৰ অৱস্থা হৈছে ভিন্ন। তেওঁলোকৰ মাজত হতাশা বিৰাজ নকৰিব, আৰু তেওঁলোকে আল্লাহৰ নিয়ামতৰ অকৃতজ্ঞতাও নকৰিব, আনকি তেওঁলোক মানুহৰ আগত অহংকাৰো নকৰিব। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলে নিজৰ গুনাহৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ফালৰ পৰা ক্ষমা তথা মাৰ্জনা লাভ কৰিব। লগতে তেওঁলোকৰ বাবে আখিৰাতত থাকিব মহাপ্ৰতিফল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক