ছূৰা 11 · জুজ 12

Hud · 11:8

وَلَئِنْ أَخَّرْنَا عَنْهُمُ الْعَذَابَ إِلَىٰ أُمَّةٍ مَعْدُودَةٍ لَيَقُولُنَّ مَا يَحْبِسُهُ ۗ أَلَا يَوْمَ يَأْتِيهِمْ لَيْسَ مَصْرُوفًا عَنْهُمْ وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ

আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখো তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘কিহে ইয়াক নিবাৰণ কৰিছে’? সাৱধান! যিদিনা সিহঁতৰ ওচৰত এইটো আহিব সেই দিনা এইটো সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়ে সিহঁতে ঠাট্ৰা-বিদ্ৰূপ কৰে সেয়া সিহঁতক পৰিবেষ্টন কৰিব।

তাফছীৰ

যদি আমি মুশ্বৰিকসকলৰ পৰা সিহঁতৰ প্ৰাপ্য শাস্তি পাৰ্থিৱ জীৱনত কিছু দিনৰ বাবে স্থগিত কৰি ৰাখোঁ, তেন্তে সিহঁতে ততাতৈয়া কৰিব আৰু উপহাস কৰি ক'বঃ আমাৰ পৰা শাস্তিক কিহে প্ৰতিৰোধ কৰিছে? জানি থোৱা! আল্লাহৰ ওচৰত সিহঁতৰ প্ৰাপ্য শাস্তিৰ বাবে আছে এটা নিৰ্ধাৰিত সময়। সেই শাস্তি যিদিনা আহিব, তেতিয়া তাক প্ৰতিৰোধ কৰিব পৰা কোনেও নাথাকিব। সেই শাস্তি অৱশ্যে আহিব। যি শাস্তিক সিহঁতে উপলুঙা কৰি আছে আৰু উপহাস কৰি আছে তথা সোনকালে বিচাৰি আছে, সেই শাস্তিয়েই সিহঁতক আগুৰি ধৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক