ছূৰা 11 · জুজ 12
Hud · 11:81
قَالُوا يَا لُوطُ إِنَّا رُسُلُ رَبِّكَ لَنْ يَصِلُوا إِلَيْكَ ۖ فَأَسْرِ بِأَهْلِكَ بِقِطْعٍ مِنَ اللَّيْلِ وَلَا يَلْتَفِتْ مِنْكُمْ أَحَدٌ إِلَّا امْرَأَتَكَ ۖ إِنَّهُ مُصِيبُهَا مَا أَصَابَهُمْ ۚ إِنَّ مَوْعِدَهُمُ الصُّبْحُ ۚ أَلَيْسَ الصُّبْحُ بِقَرِيبٍ
তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গসহ ওলাই যাওঁক আৰু আপোনালোকৰ মাজৰ কোনোৱেই পিছফালে ঘূৰি নাচাব কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে। সিহঁতৰ লগত যি সংঘটিত হ’ব তাইৰ লগতো সেয়া ঘটিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ বাবে নিৰ্ধাৰিত সময়। প্ৰভাত অতি সন্নিকট নহয়নে বাৰু’?
তাফছীৰ
ফিৰিস্তাসকলে লূত আলাইহিছ ছালামক ক'লেঃ হে লূত! আমি হৈছোঁ দূত। আল্লাহে আমাক প্ৰেৰণ কৰিছে। এতেকে আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে কেতিয়াও আপোনাক অনিষ্ট কৰাৰ উদ্দেশ্যত উপনীত হ'ব নোৱাৰে। এতেকে আপুনি ৰাতিৰ অন্ধকাৰত নিজ পৰিয়ালৰ সৈতে এই অঞ্চল ত্যাগ কৰক। আৰু মনত ৰাখিব, কোনেও যেন পিছফালে ঘূৰি নাচায়। কিন্তু আপোনাৰ স্ত্ৰী অবাধ্যতা কৰি পিছফালে ঘূৰি চাব। কাৰণ সিও এই শাস্তি ভোগ কৰিব যিটো আপোনাৰ সম্প্ৰদায়ে ভোগ কৰিব। নিশ্চয় সিহঁতৰ ধ্বংসৰ সময় হৈছে প্ৰাতঃকাল। যিটো অতি সন্নিকট।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক