ছূৰা 11 · জুজ 12
Hud · 11:70
فَلَمَّا رَأَىٰ أَيْدِيَهُمْ لَا تَصِلُ إِلَيْهِ نَكِرَهُمْ وَأَوْجَسَ مِنْهُمْ خِيفَةً ۚ قَالُوا لَا تَخَفْ إِنَّا أُرْسِلْنَا إِلَىٰ قَوْمِ لُوطٍ
এতেকে তেওঁ যেতিয়া দেখিলে যে, তেওঁলোকৰ হাত সেইটোৰ ফালে প্ৰসাৰিত হোৱা নাই, তেতিয়া তেওঁলোকক অবাঞ্ছিত বুলি ভাৱিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতি সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমিতো লূত সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰিত হৈছো’।
তাফছীৰ
এতেকে ইব্ৰাহীম আলাইহিছ ছআলাম যেতিয়া দেখিলে যে, তেওঁলোকে খাবলৈ আগবাঢ়ি অহা নাই, তেতিয়া তেওঁ সংশয়ত পৰিলে। আৰু অন্তৰত ভয় অনুভৱ কৰিলে। ফিৰিস্তাসকলে যেতিয়া তেওঁলোকক ভয় কৰা দেখিলে তেতিয়া ক'লেঃ আমাক ভয় নকৰিব, আমাক আল্লাহে লূত সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছে, সিহঁতক শাস্তি বিহিবলৈ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক