ছূৰা 11 · জুজ 12
Hud · 11:69
وَلَقَدْ جَاءَتْ رُسُلُنَا إِبْرَاهِيمَ بِالْبُشْرَىٰ قَالُوا سَلَامًا ۖ قَالَ سَلَامٌ ۖ فَمَا لَبِثَ أَنْ جَاءَ بِعِجْلٍ حَنِيذٍ
আৰু অৱশ্যে আমাৰ ফিৰিস্তাসকল সুসংবাদ লৈ ইব্ৰাহীমৰ ওচৰত আহিছিল। তেওঁলোকে ক’লে, ‘ছালাম’। তেখেতেও ক’লে, ‘ছালাম’। তাৰ পিছত পলম নকৰি তেওঁ এটা কাবাবকৃত দামুৰি লৈ আহিল।
তাফছীৰ
আৰু পুৰুষ ৰূপত ইব্ৰাহীম আলাইহিছ ছালামৰ ওচৰত ফিৰিস্তা আগমন কৰিছিল, তেওঁক আৰু তেওঁৰ স্ত্ৰীক ইছহাক আৰু পিছত ইয়াকূবৰ শুভসংবাদ দিবলৈ আহি ফিৰিস্তাসকলে ছালাম কৰিলে। ইব্ৰাহীম আলাইহিছ ছালামে ছালামৰ উত্তৰ প্ৰদান কৰিলে আৰু তেওঁলোকক মানুহ ভাৱি খৰখেদাকৈ ভিতৰত গৈ তেওঁলোকক আপ্যায়ন কৰিবলৈ দামুৰি এটা সেকি আনিলে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক