ছূৰা 11 · জুজ 12
Hud · 11:68
كَأَنْ لَمْ يَغْنَوْا فِيهَا ۗ أَلَا إِنَّ ثَمُودَ كَفَرُوا رَبَّهُمْ ۗ أَلَا بُعْدًا لِثَمُودَ
যেনিবা সিহঁতে কেতিয়াও তাত বাস কৰা নাছিল। জানি থোৱা! ছামূদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে ছামূদ সম্প্ৰদায়ৰ পৰিণাম।
তাফছীৰ
দৃশ্য এনেকুৱা হৈ পৰিছিল যে, যেনিবা সিহঁত কেতিয়াও নিজ দেশত ভোগ-বিলাস তথা সুখ-শান্তিত নাছিল। জানি থোৱা! সিহঁতৰ এই অৱস্থা এই কাৰণে হৈছিল যে, সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল। সিহঁত সদায় আল্লাহৰ কৃপাৰ পৰা আঁতৰত থাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক