ছূৰা 11 · জুজ 12

Hud · 11:63

قَالَ يَا قَوْمِ أَرَأَيْتُمْ إِنْ كُنْتُ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَآتَانِي مِنْهُ رَحْمَةً فَمَنْ يَنْصُرُنِي مِنَ اللَّهِ إِنْ عَصَيْتُهُ ۖ فَمَا تَزِيدُونَنِي غَيْرَ تَخْسِيرٍ

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰে, তথাপিও যদি মই আল্লাহৰ অবাধ্য হওঁ, তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? গতিকে তোমালোকে কেৱল মোৰ ক্ষতিহে বৃদ্ধি কৰি আছা’।

তাফছীৰ

ছলেহ আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক উত্তৰ প্ৰদান কৰি ক'লেঃ হে মোৰ জাতিৰ লোকসকল! কোৱাচোন, যদি মই মোৰ প্ৰতিপালকৰ ফালৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আছো আৰু তেওঁ মোক নিজৰ দয়া অৰ্থাৎ নবুওৱত প্ৰদান কৰিছে, এনে পৰিপ্ৰেক্ষিতত মই যদি তেওঁৰ সেই বাৰ্তা পৌঁচাই দিয়াত অৱহেলা কৰোঁ যিটো পৌঁচাই দিয়াৰ দায়িত্ব তেওঁ মোক প্ৰদান কৰিছে, তেনে পৰিস্থিতিত তেওঁৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? তোমালোকে দেখোন মোক কেৱল বিভ্ৰান্ত আৰু তেওঁৰ সন্তুষ্টিৰ পৰা আঁতৰাইহে আছা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক