ছূৰা 11 · জুজ 12
Hud · 11:62
قَالُوا يَا صَالِحُ قَدْ كُنْتَ فِينَا مَرْجُوًّا قَبْلَ هَٰذَا ۖ أَتَنْهَانَا أَنْ نَعْبُدَ مَا يَعْبُدُ آبَاؤُنَا وَإِنَّنَا لَفِي شَكٍّ مِمَّا تَدْعُونَا إِلَيْهِ مُرِيبٍ
সিহঁতে ক’লে, ‘হে ছলেহ! ইয়াৰ পূৰ্বে তুমি আমাৰ প্ৰত্যাশিত আছিলা। তুমি আমাক নিষেধ কৰি আছা নেকি সিহঁতৰ ইবাদত কৰিবলৈ যিসকলৰ ইবাদত আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ প্ৰতি তুমি আমাক আহ্বান কৰি আছা’।
তাফছীৰ
তেওঁক তেওঁৰ জাতিৰ লোকসকলে ক'লেঃ হে ছলেহ! তুমি এই আহ্বানৰ পূৰ্বে আমাৰ মাজত এজন উচ্চ স্থানৰ অধিকাৰী আছিলা। আমি ভাৱিছিলো তুমি এজন বিবেকৱান আৰু সঠিক সিদ্ধান্তৰ অধিকাৰী ব্যক্তি। হে ছলেহ! তুমি আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা বাৰণ কৰি আছা নেকি যাৰ উপাসনা আমাৰ পিতৃপুৰুষসকলে কৰিছিল? তুমি যে আমাক কেৱল এক আল্লাহৰ ইবাদত কৰিবলৈ আহ্বান কৰি আছা, ইয়াত আমাৰ সন্দেহ আছে। সেই কাৰণেই আমি তোমাক আল্লাহৰ প্ৰতি মিছা অভিযোগৰ দোষত দোষী বুলি গণ্য কৰো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক