ছূৰা 11 · জুজ 12

Hud · 11:61

۞ وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا ۚ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ هُوَ أَنْشَأَكُمْ مِنَ الْأَرْضِ وَاسْتَعْمَرَكُمْ فِيهَا فَاسْتَغْفِرُوهُ ثُمَّ تُوبُوا إِلَيْهِ ۚ إِنَّ رَبِّي قَرِيبٌ مُجِيبٌ

আৰু আমি ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ ৰব অতি ওচৰত, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।

তাফছীৰ

আমি ছামূদ সম্প্ৰদায়ৰ পিনে সিহঁতৰ ভাতৃ ছলেহ আলাইহিছ ছালামক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিলঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে ইবাদতৰ যোগ্য তোমালোকৰ বাবে আন কোনো উপাস্য নাই। তেৱেঁই তোমালোকক পৃথিৱীৰ মাটিৰে সৃষ্টি কৰিছে, কিয়নো তোমালোকৰ আদি পিতা আদমৰ সৃষ্টি ইয়াৰ দ্বাৰাই হৈছিল। আৰু তোমালোকক ইয়াত বসবাসকাৰী বনাইছে। গতিকে তোমালোকে তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা। লগতে সৎকৰ্ম কৰি আৰু গুনাহৰ কৰ্ম পৰিত্যাগ কৰি তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰা। নিশ্চয় মোৰ প্ৰতিপালক সেই ব্যক্তিৰ অতি নিকটৱৰ্তী যিয়ে নিষ্ঠা সহকাৰে তেওঁৰ ইবাদত কৰে। আৰু সেই ব্যক্তিৰ দুআ কবুল কৰে যিয়ে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক