ছূৰা 11 · জুজ 12

Hud · 11:60

وَأُتْبِعُوا فِي هَٰذِهِ الدُّنْيَا لَعْنَةً وَيَوْمَ الْقِيَامَةِ ۗ أَلَا إِنَّ عَادًا كَفَرُوا رَبَّهُمْ ۗ أَلَا بُعْدًا لِعَادٍ قَوْمِ هُودٍ

আৰু এই পৃথিৱীতেই সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু কিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ’ব। জানি থোৱা! আদ সম্প্ৰদায়ে সিহঁতৰ প্ৰতিপালকক অস্বীকাৰ কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে হূদৰ সম্প্ৰদায় আদ জাতিৰ পৰিণাম।

তাফছীৰ

এই পৃথিৱীত সিহঁতক লগত আল্লাহৰ দয়াৰ পৰা বঞ্চিত আৰু অপমান সম্পৃক্ত কৰি দিয়া হৈছিল তথা ক্বিয়ামতৰ দিনাও সিহঁত আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত থাকিব। ইয়াৰ কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল। জানি থোৱা! আল্লাহে সিহঁতক সকলো প্ৰকাৰ কল্যাণৰ পৰা আঁতৰত ৰাখিছে আৰু প্ৰত্যেক বেয়া কৰ্মৰ নিকটৱৰ্তী কৰি দিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক