ছূৰা 11 · জুজ 12

Hud · 11:59

وَتِلْكَ عَادٌ ۖ جَحَدُوا بِآيَاتِ رَبِّهِمْ وَعَصَوْا رُسُلَهُ وَاتَّبَعُوا أَمْرَ كُلِّ جَبَّارٍ عَنِيدٍ

আৰু এই আদ জাতিয়ে সিহঁতৰ প্ৰতিপালকৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু অমান্য কৰিছিল তেওঁৰ ৰাছুলসকলক আৰু সিহঁতে প্ৰত্যেক উদ্ধত স্বৈৰাচাৰীৰ নিৰ্দেশ অনুসৰণ কৰিছিল।

তাফছীৰ

সেই আদ জাতি, যিসকলে আল্লাহৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল, আৰু সিহঁতৰ ৰাছুল হূদৰ অবাধ্যতা কৰিছিল, লগতে প্ৰত্যেক সেই ব্যক্তিৰ অনুকৰণ কৰিছিল যিয়ে সত্যৰ পৰা অহংকাৰ কৰিছিল তথা সত্য স্বীকাৰ কৰা আৰু পালন কৰাৰ পৰা বিৰত থকা বিদ্ৰোহী ব্যক্তিৰ অনুসৰণ কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক