ছূৰা 11 · জুজ 12
Hud · 11:58
وَلَمَّا جَاءَ أَمْرُنَا نَجَّيْنَا هُودًا وَالَّذِينَ آمَنُوا مَعَهُ بِرَحْمَةٍ مِنَّا وَنَجَّيْنَاهُمْ مِنْ عَذَابٍ غَلِيظٍ
আৰু যেতিয়া আমাৰ নিৰ্দেশ আহিল তেতিয়া আমি হূদ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু ৰক্ষা কৰিলো তেওঁলোকক কঠিন শাস্তিৰ পৰা।
তাফছীৰ
যেতিয়া আমাৰ ফালৰ পৰা সিহঁতক ধ্বংস কৰাৰ আদেশ আহি পৰিল, তেতিয়া আমি হূদক আৰু তেওঁৰ লগত ঈমান পোষণকাৰীসকলক আমাৰ দয়া আৰু কৃপাত ৰক্ষা কৰিলো। আমি তেওঁলোকক সেই কঠিন শাস্তিৰ পৰা ৰক্ষা কৰিলো, যি শাস্তি আমি তেওঁৰ কাফিৰ সম্প্ৰদায়ক প্ৰদান কৰিছিলো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক