ছূৰা 11 · জুজ 12
Hud · 11:53
قَالُوا يَا هُودُ مَا جِئْتَنَا بِبَيِّنَةٍ وَمَا نَحْنُ بِتَارِكِي آلِهَتِنَا عَنْ قَوْلِكَ وَمَا نَحْنُ لَكَ بِمُؤْمِنِينَ
সিহঁতে ক’লে, ‘হে হূদ! তুমি আমাৰ ওচৰত কোনো স্পষ্ট প্ৰমাণ লৈ আহা নাই, তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰো’।
তাফছীৰ
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে হূদ! তুমি আমাৰ ওচৰলৈ কোনো স্পষ্ট প্ৰমাণ আনিব পৰা নাই, যাৰ ফলত আমি তোমাৰ প্ৰতি ঈমান পোষণ কৰিম। এতেকে তোমাৰ প্ৰমাণহীন কথাত বিশ্বাস কৰি আমি আমাৰ উপাস্যসকলৰ উপাসনা পৰিত্যাগ কৰিব নোৱাৰিম। লগতে তুমি এজন ৰাছুল, এই দাবীও মানিবলৈ আমি মান্তি নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক