ছূৰা 11 · জুজ 12

Hud · 11:52

وَيَا قَوْمِ اسْتَغْفِرُوا رَبَّكُمْ ثُمَّ تُوبُوا إِلَيْهِ يُرْسِلِ السَّمَاءَ عَلَيْكُمْ مِدْرَارًا وَيَزِدْكُمْ قُوَّةً إِلَىٰ قُوَّتِكُمْ وَلَا تَتَوَلَّوْا مُجْرِمِينَ

‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ ফালেই উভতি আহা। তেওঁ তোমালোকৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাব; আৰু তেওঁ তোমালোকক শক্তি প্ৰদান কৰি শক্তিশালী কৰিব আৰু (শুনা) তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নলবা’।

তাফছীৰ

হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু নিজৰ গুনাহৰ পৰা প্ৰত্যাৱৰ্তন কৰা- আৰু আটাইতকৈ ডাঙৰ গুনাহ হৈছে শ্বিৰ্ক-। ইয়াৰ ফলত তেওঁ তোমালোকৰ ওপৰত প্ৰচুৰ পৰিমাণ বৰষুণ দিব, তোমালোকৰ ধন-সম্পদ আৰু সন্তান বৃদ্ধি কৰি তোমালোকক সন্মানিত কৰিব। মই যি বিষয়ৰ পিনে তোমালোকক আহ্বান কৰি আছো, তাৰ পৰা বিমুখ নহ'বা। অন্যথা মোৰ আহ্বানৰ পৰা বিমুখ হ'লে আৰু আল্লাহৰ লগত কুফুৰী কৰিলে আৰু মই লৈ অহা চৰীয়তক অস্বীকাৰ কৰিলে তোমালোক অপৰাধীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক