ছূৰা 11 · জুজ 12
Hud · 11:51
يَا قَوْمِ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا ۖ إِنْ أَجْرِيَ إِلَّا عَلَى الَّذِي فَطَرَنِي ۚ أَفَلَا تَعْقِلُونَ
‘হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ ওচৰত ইয়াৰ কোনো বিনিময় নিবিচাৰো। মোৰ বিনিময় আছে কেৱল তেওঁৰ ওচৰত, যিজনে মোক সৃষ্টি কৰিছে। তথাপিও তোমালোকে বুজি নোপোৱা নে’?
তাফছীৰ
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই মোৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত আৰু তেওঁৰ পিনে তোমালোকক আহ্বান কৰাৰ বিনিময়ত তোমালোকৰ পৰা কোনো ধৰণৰ পাৰিশ্ৰমিক নিবিচাৰো। মোৰ প্ৰতিফল কেৱল তেৱেঁই প্ৰদান কৰিব যিয়ে মোক সৃষ্টি কৰিছে। তোমালোকে এইটোও বুজি নোপোৱানে? আৰু মই আহ্বান কৰা বিষয়ত তোমালোকে সঁহাৰি নিদিবানে?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক