ছূৰা 11 · জুজ 12

Hud · 11:54

إِنْ نَقُولُ إِلَّا اعْتَرَاكَ بَعْضُ آلِهَتِنَا بِسُوءٍ ۗ قَالَ إِنِّي أُشْهِدُ اللَّهَ وَاشْهَدُوا أَنِّي بَرِيءٌ مِمَّا تُشْرِكُونَ

আমি কেৱল এইটোৱে কওঁ যে, ‘আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক অমঙ্গলৰ দ্বাৰা আক্ৰান্ত কৰিছে’। তেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলো আৰু তোমালোকেও সাক্ষী হোৱা যে, নিশ্চয় মই সেইবোৰৰ পৰা মুক্ত যিবোৰক তোমালোকে অংশী কৰা’,

তাফছীৰ

আমিতো এইটোৱে কম যে, তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বিৰত ৰাখিছিলা, সেই কাৰণে আমাৰ কোনোবা উপাস্যই তোমাক পাগল বনাইছে। হূদ আলাইহিছ ছালামে ক'লেঃ মই আল্লাহক সাক্ষী থৈ কওঁ, আৰু তোমালোকেও সাক্ষী থাকিবা যে, মই তোমালোকৰ এই উপাস্যবোৰৰ উপাসনাৰ পৰা নিজকে মুক্ত ৰাখিছো যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। এতেকে তোমালোক আৰু তোমালোকৰ এই উপাস্যবোৰ, যিবোৰৰ বিষয়ে তোমালোকে ভাৱিছা যে, সিহঁতে মোক উন্মাদ বনাইছে, তোমালোক আটায়ে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, আৰু মোক অলপো অৱকাশ নিদিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক