ছূৰা 11 · জুজ 12
Hud · 11:47
قَالَ رَبِّ إِنِّي أَعُوذُ بِكَ أَنْ أَسْأَلَكَ مَا لَيْسَ لِي بِهِ عِلْمٌ ۖ وَإِلَّا تَغْفِرْ لِي وَتَرْحَمْنِي أَكُنْ مِنَ الْخَاسِرِينَ
তেওঁ ক’লে, ‘হে মোৰ ৰব! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰো তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছো। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
তাফছীৰ
নূহ আলাইহিছ ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! যি বিষয়ে মোৰ জ্ঞান নাই, এনেকুৱা বিষয় তোমাৰ ওচৰত আবেদন কৰাৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰো। যদি তুমি মোক ক্ষমা নকৰা আৰু মোৰ প্ৰতি দয়া নকৰা তেন্তে মই সেইসকল ক্ষতিগ্ৰস্ত লোকৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকলে আখিৰাতত নিজৰ অংশ হেৰুৱাইছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক