ছূৰা 11 · জুজ 12

Hud · 11:48

قِيلَ يَا نُوحُ اهْبِطْ بِسَلَامٍ مِنَّا وَبَرَكَاتٍ عَلَيْكَ وَعَلَىٰ أُمَمٍ مِمَّنْ مَعَكَ ۚ وَأُمَمٌ سَنُمَتِّعُهُمْ ثُمَّ يَمَسُّهُمْ مِنَّا عَذَابٌ أَلِيمٌ

কোৱা হ’ল, ‘হে নূহ! অৱতৰণ কৰা (নাৱৰ পৰা) আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তোমাৰ প্ৰতি আৰু যিবোৰ সম্প্ৰদায় তোমাৰ লগত আছে তেওঁলোকৰ প্ৰতি; আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে আমি সিহঁতক জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব;

তাফছীৰ

আল্লাহে নূহ আলাইহিছ ছালামক ক'লেঃ হে নূহ! শান্তি আৰু নিৰাপত্তা, লগতে আপোনাৰ প্ৰতি আল্লাহৰ অসংখ্য নিয়ামতৰ সৈতে ভূপৃষ্ঠত অৱতৰণ কৰা। শান্তি, নিৰাপত্তা আৰু নিয়ামতৰ এই ধাৰাবাহিকতা আপোনাৰ আৰু আপোনাৰ লগত আৰোহণ কৰা মুমিনসকলৰ বংশধৰসকলৰ ওপৰতো অব্যাহত থাকিব। যদিও তেওঁলোকৰ বংশধৰসকলৰ মাজত কিছুমান কাফিৰ সম্প্ৰদায়ো থাকিব, যিসকলক আমি এই পাৰ্থিৱ জীৱন উপভোগ কৰাম আৰু উপভোগৰ সকলো সামগ্ৰী দান কৰিম। তাৰ পিছত আখিৰাতত সিহঁতে কষ্টদায়ক শাস্তিৰ সোৱাদ লব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক