ছূৰা 11 · জুজ 12
Hud · 11:46
قَالَ يَا نُوحُ إِنَّهُ لَيْسَ مِنْ أَهْلِكَ ۖ إِنَّهُ عَمَلٌ غَيْرُ صَالِحٍ ۖ فَلَا تَسْأَلْنِ مَا لَيْسَ لَكَ بِهِ عِلْمٌ ۖ إِنِّي أَعِظُكَ أَنْ تَكُونَ مِنَ الْجَاهِلِينَ
আল্লাহে ক’লে, ‘হে নূহ! নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়। সি অৱশ্যে অসৎকৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিছো, তুমি যাতে অজ্ঞসকলৰ অন্তৰ্ভুক্ত নোহোৱা’।
তাফছীৰ
আল্লাহে নূহ আলাইহিছ ছালামক সম্বোধন কৰি ক'লেঃ হে নূহ! আপুনি আপোনাৰ যি পুত্ৰৰ বিষয়ে সহায় বিচাৰি প্ৰাৰ্থনা কৰি আছে, সি আপোনাৰ পৰিয়ালৰ সদস্যই নহয়, যিসকলক মই ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। কাৰণ সি হৈছে কাফিৰ। আনহাতে হে নূহ! আপোনাৰ আবেদন উপযুক্ত আবেদন নহয়, আৰু আপোনাৰ মৰ্যাদাৰ বাবেও সমীচীন নহয়। এতেকে আপুনি মোৰ ওচৰত এনেকুৱা বিষয়ে আবেদন নকৰিব, যি বিষয়ে আপোনাৰ জ্ঞান নাই। মই আপোনাক সতৰ্ক কৰো, আপুনি যেন অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ মোৰ ওচৰত মোৰ জ্ঞান আৰু হিকমতৰ বিপৰীত বস্তু আবেদন নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক