ছূৰা 11 · জুজ 12

Hud · 11:45

وَنَادَىٰ نُوحٌ رَبَّهُ فَقَالَ رَبِّ إِنَّ ابْنِي مِنْ أَهْلِي وَإِنَّ وَعْدَكَ الْحَقُّ وَأَنْتَ أَحْكَمُ الْحَاكِمِينَ

আৰু নূহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, আৰু তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক’।

তাফছীৰ

নূহ আলাইহিছ ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত সহায় বিচাৰি প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ পুত্ৰ মোৰ পৰিয়ালৰেই সদস্য, তুমি দেখোন মোৰ পৰিয়ালক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলা। আৰু তোমাৰ প্ৰতিশ্ৰুতি চিৰসত্য, যিটো ভঙ্গ হোৱাৰ কোনো প্ৰশ্নই নুঠে। নিশ্চয় তুমি ন্যায়বিচাৰক আৰু সৰ্বজ্ঞ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক