ছূৰা 11 · জুজ 12
Hud · 11:44
وَقِيلَ يَا أَرْضُ ابْلَعِي مَاءَكِ وَيَا سَمَاءُ أَقْلِعِي وَغِيضَ الْمَاءُ وَقُضِيَ الْأَمْرُ وَاسْتَوَتْ عَلَى الْجُودِيِّ ۖ وَقِيلَ بُعْدًا لِلْقَوْمِ الظَّالِمِينَ
আৰু কোৱা হ’ল, ‘হে মাটি! তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ! ক্ষেন্ত হোৱা’। ফলত পানী হ্ৰাস কৰা হ’ল আৰু সিদ্ধান্ত বাস্তবায়িত হ’ল; আৰু নাওঁখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল, আৰু কোৱা হ’ল, ‘যালিম সম্প্ৰদায়ৰ বাবেই ধ্বংস’।
তাফছীৰ
তুফান শেষ হোৱাৰ পিছত আল্লাহে পৃথিৱীক আদেশ কৰি ক'লেঃ হে পৃথিৱী! তোমাৰ পৃষ্ঠত থকা পানীক শুহি লোৱা। আৰু আকাশক ক'লেঃ হে আকাশ! এতিয়া ক্ষেন্ত হোৱা, পানী বৰ্ষণ নকৰিবা। ফলত পানী কমিবলৈ ধৰিলে, অৱশেষ ভূপৃষ্ঠ শুকাই গল। এইদৰে আল্লাহে কাফিৰসকলক ধ্বংস কৰিলে। আৰু নাও গৈ জুদী পৰ্বতত অৱস্থান কৰিলে। লগতে কোৱা হ'লঃ ধ্বংস হওঁক সেইসকল লোক, যিসকলে কুফুৰী কৰ্মৰ জৰিয়তে আল্লাহৰ সীমালঙ্ঘন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক