ছূৰা 11 · জুজ 12
Hud · 11:43
قَالَ سَآوِي إِلَىٰ جَبَلٍ يَعْصِمُنِي مِنَ الْمَاءِ ۚ قَالَ لَا عَاصِمَ الْيَوْمَ مِنْ أَمْرِ اللَّهِ إِلَّا مَنْ رَحِمَ ۚ وَحَالَ بَيْنَهُمَا الْمَوْجُ فَكَانَ مِنَ الْمُغْرَقِينَ
সি ক’লে, ‘মই এনে এটা পৰ্বতত আশ্ৰয় লম যিটোৱে মোক পানীৰ পৰা ৰক্ষা কৰিব’। তেওঁ ক’লে, ‘আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে’। এনেতে তৰঙ্গ এটা আহি সিহঁতৰ মাজত আঁৰ হৈ গ’ল, ফলত সি ডুবি মৰা সকলৰ অন্তৰ্ভুক্ত হৈ গ’ল’।
তাফছীৰ
নূহৰ পুত্ৰই তেওঁক ক'লেঃ মই কোনো ওখ পৰ্বতত আশ্ৰয় লমগৈ। যাতে মোক পানীয়ে চুব নোৱাৰে। নূহ আলাইহিছ ছালামে তেওঁৰ পুত্ৰক ক'লেঃ প্লাৱিনত ডুবাই মৰা আজি আল্লাহৰ এই শাস্তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰিব, কেৱল তেওঁহে ৰক্ষা পাব। এই কথাপোকথনৰ সময়তেই প্ৰকাণ্ড ঢেউৱে পিতা পুত্ৰক বিচ্ছিন্ন কৰিলে, আৰু কুফুৰীৰ কাৰণে তেওঁৰ পুত্ৰ প্লাৱনত পতিত হৈ ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ'ল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক