ছূৰা 11 · জুজ 12
Hud · 11:42
وَهِيَ تَجْرِي بِهِمْ فِي مَوْجٍ كَالْجِبَالِ وَنَادَىٰ نُوحٌ ابْنَهُ وَكَانَ فِي مَعْزِلٍ يَا بُنَيَّ ارْكَبْ مَعَنَا وَلَا تَكُنْ مَعَ الْكَافِرِينَ
আৰু ই (নাওঁখনে) পৰ্বতৰ দৰে তৰঙ্গৰ মাজত তেওঁলোকক লৈ গতি কৰিলে; নূহে তেওঁৰ পুত্ৰক, যিজন পৃথক আছিল, মাতি ক’লে, ‘হে মোৰ প্ৰিয় পুত্ৰ! আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সঙ্গী নহ’বা’।
তাফছীৰ
ইপিনে মানুহ আৰু বয়-বস্তুৰে ভৰা নাও, পৰ্বত সদৃশ তৰঙ্গৰ মাজেৰে গতি কৰিলে। আৰু নূহ আলাইহিছ ছালামে পিতৃ মোহত পৰি কাফিৰ পুত্ৰক মাতিলে, অথচ সি নিজ পিতৃ আৰু সম্প্ৰদায়ৰ পৰা পৃথক ঠাইত অৱস্থান কৰিছিল- হে মোৰ চেনেহৰ পুত্ৰ! আমাৰ লগত নাৱত আৰোহণ কৰা, যাতে তুমি ইয়াৰ পৰা ৰক্ষা পোৱা। আৰু কাফিৰসকলৰ সঙ্গ অৱলম্বন নকৰিবা, অন্যথা সিহঁতৰ সৈতে তুমিও ডুবি ধ্বংস হৈ যাবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক