ছূৰা 11 · জুজ 12

Hud · 11:35

أَمْ يَقُولُونَ افْتَرَاهُ ۖ قُلْ إِنِ افْتَرَيْتُهُ فَعَلَيَّ إِجْرَامِي وَأَنَا بَرِيءٌ مِمَّا تُجْرِمُونَ

সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘মই যদি এইটো ৰচনা কৰি থাকো তেন্তে ময়েই মোৰ অপৰাধৰ বাবে দায়ী হম। কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ পৰা মই দায়মুক্ত’।

তাফছীৰ

নূহ সম্প্ৰদায়ৰ লোকসকলে নিজৰ কুফুৰী কাৰ্যৰ কাৰণে ধাৰণা কৰিছিল যে, নূহ আলাইহিছ ছালামে যি ধৰ্মলৈ আহিছে সেয়া তেওঁৰ নিজে বনোৱা ধৰ্ম। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ যদি মই এইটো নিজে বনাইছো তেন্তে ইয়াৰ যি শাস্তি হ'ব সেয়া ময়ে ভোগ কৰিম। কিন্তু তোমালোকে যে অস্বীকাৰ কৰি আছা, সেই গুনাহ কিন্তু মই বহন নকৰো। মই ইয়াৰ পৰা সম্পূৰ্ণ মুক্ত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক