ছূৰা 11 · জুজ 12

Hud · 11:34

وَلَا يَنْفَعُكُمْ نُصْحِي إِنْ أَرَدْتُ أَنْ أَنْصَحَ لَكُمْ إِنْ كَانَ اللَّهُ يُرِيدُ أَنْ يُغْوِيَكُمْ ۚ هُوَ رَبُّكُمْ وَإِلَيْهِ تُرْجَعُونَ

‘আৰু মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে। তেৱেঁই তোমালোকৰ ৰব, তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব’।

তাফছীৰ

মোৰ উপদেশ আৰু মোৰ সতৰ্ক বাণীয়ে তোমালোকক কোনো উপকাৰ নকৰিব, যদি আল্লাহেই তোমালোকক সঠিক পথৰ পৰা দূৰত ৰখাৰ আৰু তোমালোকৰ স্বৈৰাচাৰীতাৰ কাৰণে তোমালোকক হিদায়তৰ পৰা বিৰত ৰখাৰ মনস্থ কৰিছে। তেৱেঁই তোমালোকৰ প্ৰতিপালক। তোমালোকৰ সকলো কৰ্ম তেওঁৰেই অধীনস্থ। তেওঁ ইচ্ছা কৰিলে তোমালোকক বিপথে পৰিচালিত কৰিব পাৰে। কিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তন কৰিবা। তেতিয়া তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক