ছূৰা 11 · জুজ 12
Hud · 11:32
قَالُوا يَا نُوحُ قَدْ جَادَلْتَنَا فَأَكْثَرْتَ جِدَالَنَا فَأْتِنَا بِمَا تَعِدُنَا إِنْ كُنْتَ مِنَ الصَّادِقِينَ
সিহঁতে ক’লে, ‘হে নূহ! তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰিছা--- অতি মাত্ৰা বাক-বিতণ্ডা কৰিছা; গতিকে যদি তুমি সত্যবাদী তেন্তে তুমি আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছা সেয়া আমাৰ ওচৰলৈ লৈ আহা’।
তাফছীৰ
সিহঁতে অহংকাৰ তথা স্বৈৰাচাৰীতা অৱলম্বন কৰি ক'লেঃ হে নূহ! তুমি আমাৰ লগত যথেষ্ট বাদানুবাদ কৰিছা আৰু বিতৰ্ক কৰিছা। এতিয়া তুমি সেই শাস্তি আনি দেখুৱা, যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা, যদি তুমি নিজৰ দাবীত সত্যবাদী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক