ছূৰা 11 · জুজ 12

Hud · 11:31

وَلَا أَقُولُ لَكُمْ عِنْدِي خَزَائِنُ اللَّهِ وَلَا أَعْلَمُ الْغَيْبَ وَلَا أَقُولُ إِنِّي مَلَكٌ وَلَا أَقُولُ لِلَّذِينَ تَزْدَرِي أَعْيُنُكُمْ لَنْ يُؤْتِيَهُمُ اللَّهُ خَيْرًا ۖ اللَّهُ أَعْلَمُ بِمَا فِي أَنْفُسِهِمْ ۖ إِنِّي إِذًا لَمِنَ الظَّالِمِينَ

‘আৰু মই তোমালোকক এই বুলি নকওঁ যে, ‘মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে’, আৰু মই গায়েব সম্পৰ্কেও নাজানো আৰু মই এই বুলিও নকওঁ যে, ‘মই এজন ফিৰিস্তা’। তোমালোকৰ দৃষ্টিত যিসকল হীন, সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে, ‘আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব’; সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহেই অধিক অৱগত। (যদি মই এইদৰে কোৱাহেঁতেন) তেন্তে নিশ্চয় মই যালিমসকলৰ অন্তৰ্ভুক্ত হম’।

তাফছীৰ

হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই এইটো দাবী নকৰো যে, মোৰ ওচৰত আল্লাহৰ ধন ভাণ্ডাৰ আছে, য’ত জীৱিকা আছে আৰু তোমালোকে ঈমান পোষণ কৰিলে সেয়া মই তোমালোকৰ মাজত বন্টন কৰিম। লগতে মই এইটোও দাবী নকৰো যে, মই অদৃশ্য জ্ঞানৰ অধিকাৰী, তথা মই তোমালোকক এইটোও নকওঁ যে, মই এজন ফিৰিস্তা। বৰং মই তোমালোকৰ দৰেই এজন মানুহ। লগতে মই সেইসকল দুখীয়ালোকৰ বিষয়েও এইটো নকওঁ যে, আল্লাহে তেওঁলোকক হিদায়তৰ তাওফীক প্ৰদান নকৰিব, যিসকলক তোমালোকে ঘৃণাৰ চকুৰে চোৱা। নিশ্চয় আল্লাহ তেওঁলোকৰ অৱস্থা আৰু নিয়্যত সম্পৰ্কে সৰ্বাধিক জ্ঞাত। যদি মই এনেকুৱা দাবী কৰো তেন্তে ময়ো অত্যাচাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকল আল্লাহৰ শাস্তিৰ উপযুক্ত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক