ছূৰা 11 · জুজ 12

Hud · 11:28

قَالَ يَا قَوْمِ أَرَأَيْتُمْ إِنْ كُنْتُ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَآتَانِي رَحْمَةً مِنْ عِنْدِهِ فَعُمِّيَتْ عَلَيْكُمْ أَنُلْزِمُكُمُوهَا وَأَنْتُمْ لَهَا كَارِهُونَ

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰি থাকে, আৰু সেয়া তোমালোকৰ ওচৰত গোপন ৰখা হয়, তেন্তে মই তোমালোকৰ ওপৰত তোমালোকে অপছন্দ কৰা সত্বেও সেয়া জাপি দিব পাৰো নে’?

তাফছীৰ

নূহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! কোৱাচোন! মই যদি মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকো, যি প্ৰমাণে মোৰ সত্যতাক সমৰ্থন কৰে। আৰু মোৰ সত্যতাক মানিবলৈ যদি তোমালোকৰ ওপৰত অনিবাৰ্য কৰা হয়, আনকি তেওঁ মোক কৃপা কৰিছে অৰ্থাৎ নবুওৱত আৰু ৰিছালত প্ৰদান কৰিছে। কিন্তু তোমালোকৰ অজ্ঞানতাৰ কাৰণে বিষয়টো তোমালোকৰ ওচৰত স্পষ্ট হোৱা নাই। তেনে পৰিস্থিতিত মই তোমালোকক ঈমান আনিবলৈ বাধ্য কৰিব পাৰিমনে? তোমালোকৰ অপছন্দ সত্তেও সেয়া তোমালোকৰ অন্তৰত প্ৰৱেশ কৰাব পাৰিমনে? অৱশ্যে মই নোৱাৰিম। কাৰণ ঈমান পোষণ কৰাৰ তাওফীক কেৱল মাত্ৰ আল্লাহে প্ৰদান কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক