ছূৰা 11 · জুজ 12

Hud · 11:27

فَقَالَ الْمَلَأُ الَّذِينَ كَفَرُوا مِنْ قَوْمِهِ مَا نَرَاكَ إِلَّا بَشَرًا مِثْلَنَا وَمَا نَرَاكَ اتَّبَعَكَ إِلَّا الَّذِينَ هُمْ أَرَاذِلُنَا بَادِيَ الرَّأْيِ وَمَا نَرَىٰ لَكُمْ عَلَيْنَا مِنْ فَضْلٍ بَلْ نَظُنُّكُمْ كَاذِبِينَ

তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছো, লগতে আমি দেখি আছো তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে যিসকল আমাৰ মাজত বাহ্যিক দৃষ্টিতেই অধম আৰু আমি আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি ভাৱো’।

তাফছীৰ

কিন্তু তেওঁৰ সম্প্ৰদায়ৰ গণ্যমান্য আৰু প্ৰমূখ কাফিৰ নেতাসকলে ক'লেঃ আমি তোমাৰ আহ্বান কেতিয়াও স্বীকাৰ নকৰো। কাৰণ তোমাৰ মাজত এনেকুৱা কোনো বৈশিষ্ট্য নাই যিটো আমাৰ মাজত নাই। তুমিও আমাৰ দৰেই এজন মানুহ। লগতে আমি লক্ষ্য কৰিছো, তোমাৰ অনুসৰণ কেৱল আমাৰ মাজৰ নিম্নবৰ্গৰ মানুহেই কৰে। এই কাৰণেও যে, তোমাৰ ওচৰত সেই সন্মান, ধন আৰু প্ৰতিষ্ঠা নাই, যাৰ ফলত আমি তোমাৰ অনুসৰণ কৰিম। বৰং আমি তোমাক তোমাৰ এই দাবীত মিছলীয়া বুলি ভাৱো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক